WhatsApp-ৰ আইনী তথ্য
আপুনি যদি ইউৰোপীয় অঞ্চল অথবা ইউকেৰ বাহিৰত বাস কৰে, WhatsApp LLC-এ (“WhatsApp,” “আমাৰ,” “আমি,” অথবা “আমাক”) এই সেৱাৰ চৰ্তাৱলী আৰু গোপনীয়তাৰ নীতিৰ অধীনত আপোনাক আমাৰ সেৱা প্ৰদান কৰে।
আমাৰ গোপনীয়তাৰ নীতিয়ে (“গোপনীয়তাৰ নীতি”) আমাৰ ডাটাৰ পদ্ধতিৰ ব্যাখ্যা আগবঢ়োৱাত সহায় কৰে, য’ত আমাৰ সেৱা প্ৰদান কৰিবলৈ আমি প্ৰক্ৰিয়াকৰণ কৰা তথ্য অন্তৰ্ভুক্ত।
উদাহৰণস্বৰূপে, আমাৰ গোপনীয়তাৰ নীতিয়ে আমি কি তথ্য সংগ্ৰহ কৰোঁ আৰু ই আপোনাক কিদৰে প্ৰভাৱিত কৰে তাৰ বিষয়ে কয়। ই লগতে আমি আপোনাৰ গোপনীয়তা সুৰক্ষিত কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰোঁ তাৰ বিষয়েও ব্যাখ্যা আগবঢ়ায়, যেনে- আমি যাতে ডেলিভাৰ হোৱা বাৰ্তাসমূহ সংৰক্ষণ নকৰোঁ তাৰ বাবে আমাৰ সেৱাসমূহ গঢ়ি তোলা আৰু আপুনি আমাৰ সেৱাসমূহত কাৰ সৈতে কথা-বাৰ্তা পাতিব পাৰে আপোনাক তাৰ নিয়ন্ত্ৰণ প্ৰদান কৰা।
আমি Meta-ৰ কোম্পানীসমূহৰ মাজৰে এটা। কোম্পানীসমূহৰ এই সমগ্ৰ পৰিয়ালটোত আমি তথ্য ভাগ-বতৰা কৰাৰ পদ্ধতিৰ বিষয়ে আপুনি এই গোপনীয়তাৰ নীতিৰ তলৰফালে অধিক জানিব পাৰে।
যদিহে অন্য ধৰণে নিৰ্দিষ্টকৈ উল্লেখ কৰা নহয়, এই গোপনীয়তাৰ নীতি আমাৰ সমগ্ৰ সেৱাৰ ক্ষেত্ৰত প্ৰযোজ্য হয়।
অনুগ্ৰহ কৰি WhatsApp-ৰ সেৱাৰ চৰ্তাৱলীও (“চৰ্তাৱলী”) পঢ়ক, যিয়ে সেই চৰ্তাৱলীৰ ব্যাখ্যা আগবঢ়ায় যাৰ অধীনত আপুনি আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰে আৰু আমি সেয়া প্ৰদান কৰোঁ।
শীৰ্ষলৈ উভতি যাওক
মুখ্য আপডে’টসমূহ
আপোনাৰ গোপনীয়তাক সন্মান কৰাটো আমাৰ DNA-ত ক’ড কৰা আছে। WhatsApp আৰম্ভ কৰাৰে পৰা আমি গোপনীয়তা বিষয়ক কেইটামান কঠোৰ নীতি আমাৰ মনত ৰাখি আমাৰ সেৱাসমূহ সৃষ্টি কৰিছোঁ। আমাৰ আপডে’ট কৰা সেৱাৰ চৰ্তাৱলী আৰু গোপনীয়তাৰ নীতিত আপুনি এয়া পাব:
- আমি আপোনাৰ ডাটা কিদৰে নিয়ন্ত্ৰণ কৰোঁ সেই বিষয়ক অতিৰিক্ত তথ্য। আমাৰ আপডে’ট কৰা চৰ্তাৱলী আৰু গোপনীয়তাৰ নীতিয়ে আমি আপোনাৰ ডাটা কিদৰে প্ৰক্ৰিয়াকৰণ কৰোঁ আৰু গোপনীয়তা সন্দৰ্ভত থকা আমাৰ প্ৰতিশ্ৰুতিৰ বিষয়ে অধিক তথ্য প্ৰদান কৰে। উদাহৰণস্বৰূপে, আমি একেবাৰে শেহতীয়া সামগ্ৰীৰ বৈশিষ্ট্য আৰু কাৰ্যকাৰিতাৰ বিষয়ে, সুৰক্ষা, নিৰাপত্তা আৰু অখণ্ডতাৰ বাবে আপোনাৰ ডাটা আমি কিদৰে প্ৰক্ৰিয়াকৰণ কৰোঁ সেই বিষয়ে একেবাৰে শেহতীয়া তথ্য যোগ দিছোঁ আৰু ব্যৱহাৰকাৰীৰ ছেটিং, সহায় কেন্দ্ৰৰ প্ৰবন্ধ আৰু আপুনি কিদৰে আপোনাৰ তথ্য পৰিচালনা কৰিব পাৰে সেই বিষয়ক অধিক পোনপটীয়া লিংক যোগ দিছোঁ।
- ব্যৱসায়ৰ সৈতে উন্নত যোগাযোগ। ব্যৱসায়ৰ গ্ৰাহক আৰু ক্লায়েণ্টৰ সৈতে যোগাযোগ কৰিবলৈ বিভিন্ন ব্যৱসায়ে WhatsApp-ৰ ওপৰত নিৰ্ভৰ কৰে। আমি এনে ব্যৱসায়ৰ সৈতে কাম কৰোঁ যিয়ে WhatsApp-ত আপোনাৰ সৈতে নিজৰ যোগাযোগ সংৰক্ষণ কৰাত আৰু ভালকৈ পৰিচালনা কৰাত সহায় কৰিবলৈ Meta অথবা তৃতীয় পক্ষক ব্যৱহাৰ কৰে।
- সংযুক্ত হ’বলৈ সহজ কৰি তোলা। Meta কোম্পানীৰ অংশ হিচাপে, WhatsApp-এ Meta-ৰ সমগ্ৰ এপ্ আৰু সামগ্ৰীৰ পৰিয়ালত অভিজ্ঞতা আৰু একত্ৰীকৰণ প্ৰদান কৰিবলৈ Meta-ৰ সৈতে অংশীদাৰ হৈছে।
শীৰ্ষলৈ উভতি যাওক
আমি সংগ্ৰহ কৰা তথ্য
আমাৰ সেৱাসমূহ চলাবলৈ, প্ৰদান কৰিবলৈ, উন্নত কৰিবলৈ, বুজিবলৈ, কাষ্টমাইজ কৰিবলৈ, সমৰ্থন কৰিবলৈ আৰু বিপণন কৰিবলৈ WhatsApp-এ কিছুমান তথ্য গ্ৰহণ অথবা সংগ্ৰহ কৰিবই লাগিব, য’ত আপুনি আমাৰ সেৱাসমূহ ইনষ্টল, এক্সেছ অথবা ব্যৱহাৰ কৰি থাকোঁতে গ্ৰহণ অথবা সংগ্ৰহ কৰা তথ্যও অন্তৰ্ভুক্ত।
আমি গ্ৰহণ আৰু সংগ্ৰহ কৰা তথ্যৰ ধৰণ আপুনি কিদৰে আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ সেৱাসমূহ ডেলিভাৰ কৰিবলৈ আমাক নিৰ্দিষ্ট কিছুমান তথ্যৰ আৱশ্যক আৰু সেইসমূহৰ অবিহনে আমি আপোনাক আমাৰ সেৱাসমূহ প্ৰদান কৰিব নোৱাৰিম। উদাহৰণস্বৰূপে, আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰাৰ বাবে এটা একাউণ্ট সৃষ্টি কৰিবলৈ আপুনি আপোনাৰ ম’বাইল ফোন নম্বৰটো প্ৰদান কৰিবই লাগিব।
আমাৰ সেৱাসমূহত ঐচ্ছিক বৈশিষ্ট্য আছে, যিবোৰ আপুনি ব্যৱহাৰ কৰিলে তেনে বৈশিষ্ট্যসমূহ প্ৰদান কৰিবলৈ আমি অতিৰিক্ত তথ্য সংগ্ৰহ কৰাৰ আৱশ্যক হয়। প্ৰযোজ্য হোৱা ধৰণে আপোনাক তেনে সংগ্ৰহৰ বিষয়ে জনোৱা হ’ব। আপুনি যদি কোনো বৈশিষ্ট্য ব্যৱহাৰ কৰিবলৈ প্ৰয়োজন হোৱা তথ্যখিনি প্ৰদান নকৰাৰ সিদ্ধান্ত লয়, আপুনি বৈশিষ্ট্যটো ব্যৱহাৰ কৰিব নোৱাৰিব। উদাহৰণস্বৰূপে, আপুনি যদি আমাক আপোনাৰ ডিভাইচৰ পৰা আপোনাৰ অৱস্থান সম্পৰ্কীয় ডাটা সংগ্ৰহ কৰাৰ অনুমতি নিদিয়ে, তেন্তে আপুনি আপোনাৰ সম্পৰ্কসমূহৰ সৈতে আপোনাৰ অৱস্থান ভাগ-বতৰা কৰিব নোৱাৰে। Android আৰু iOS দুয়োটা ডিভাইচতে আপোনাৰ ছেটিংছৰ মেনুখনৰ জৰিয়তে অনুমতিসমূহ পৰিচালনা কৰিব পাৰি।
আপুনি প্ৰদান কৰা তথ্য
- আপোনাৰ একাউণ্টৰ তথ্য। WhatsApp একাউণ্ট সৃষ্টি কৰিবলৈ আপুনি আপোনাৰ ম’বাইল ফোনৰ নম্বৰ আৰু সাধাৰণ তথ্য (আপোনাৰ পচন্দৰ এটা প্ৰ’ফাইলৰ নামকে ধৰি) প্ৰদান কৰিবই লাগিব। আপুনি যদি আমাক এই তথ্যখিনি প্ৰদান নকৰে, আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰিবলৈ আপুনি একাউণ্ট সৃষ্টি কৰিব নোৱাৰিব। আপুনি আপোনাৰ একাউণ্টত অন্য তথ্য যোগ কৰিব পাৰে, যেনে- প্ৰ’ফাইল চিত্ৰ আৰু “ইয়াৰ বিষয়ে”ৰ তথ্য।
- আপোনাৰ বাৰ্তা। আপোনাক আমাৰ সেৱাসমূহ প্ৰদান কৰাৰ সাধাৰণ প্ৰক্ৰিয়াত আমি আপোনাৰ বাৰ্তাসমূহ ৰাখি নথওঁ। তাৰ পৰিৱৰ্তে, আপোনাৰ বাৰ্তাসমূহ আপোনাৰ ডিভাইচত সংৰক্ষণ কৰা হয় আৰু সেয়া সাধাৰণতে আমাৰ ছাৰ্ভাৰত সংৰক্ষণ কৰা নহয়। আপোনাৰ বাৰ্তাসমূহ ডেলিভাৰ হ’লে সেইসমূহ আমাৰ ছাৰ্ভাৰৰ পৰা বিলোপ কৰা হয়। এই ঘটনাসমূহে এনেকুৱা পৰিস্থিতিৰ ব্যাখ্যা আগবঢ়ায় য’ত আমি আপোনাৰ বাৰ্তাসমূহ ডেলিভাৰ কৰাৰ পৰ্যায়ত সেয়া সংৰক্ষণ কৰিব পাৰোঁ:
- ডেলিভাৰ নোহোৱা বাৰ্তা। যদি কোনো বাৰ্তা তাৎক্ষণিকভাৱে ডেলিভাৰ কৰিব নোৱাৰি (উদাহৰণস্বৰূপে, প্ৰাপকগৰাকী অফলাইন হৈ থাকিলে), আমি 30 দিন পৰ্যন্ত বাৰ্তাটো ডেলিভাৰ কৰিবলৈ চেষ্টা কৰি থকালৈকে সেইটো আমাৰ ছাৰ্ভাৰত এনক্ৰিপ্ট কৰা ৰূপত ৰাখি থওঁ। যদি কোনো বাৰ্তা 30 দিনৰ পাছতো ডেলিভাৰ নোহোৱাকৈ থাকে, তেন্তে আমি সেইটো বিলোপ কৰোঁ।
- মিডিয়া ফৰৱাৰ্ড কৰা। কোনো ব্যৱহাৰকাৰীয়ে বাৰ্তাৰ ভিতৰত মিডিয়া ফৰৱাৰ্ড কৰিলে আমি অতিৰিক্ত ফৰৱাৰ্ডসমূহ অধিক উপযুক্ত ধৰণে ডেলিভাৰ কৰাত সহায়ক হ’বলৈ আমি সেই মিডিয়াসমূহ আমাৰ ছাৰ্ভাৰত সাময়িকভাৱে এনক্ৰিপ্ট কৰা ৰূপত সংৰক্ষণ কৰোঁ।
আমাৰ সেৱাসমূহৰ বাবে আমি এণ্ড-টু-এণ্ড এনক্ৰিপশ্বনৰ সুবিধা প্ৰদান কৰোঁ। এণ্ড-টু-এণ্ড এনক্ৰিপশ্বনৰ অৰ্থ হৈছে- আপোনাৰ বাৰ্তাসমূহ আমি আৰু তৃতীয় পক্ষই পঢ়িব নোৱৰাকৈ সুৰক্ষতি কৰিবলৈ এনক্ৰিপ্ট কৰা হয়। এণ্ড-টু-এণ্ড এনক্ৰিপশ্বন আৰু WhatsApp-ত ব্যৱসায়সমূহে আপোনাৰ সৈতে কিদৰে কথা-বাৰ্তা পাতিব পাৰে সেই বিষয়ে অধিক জানক।
- আপোনাৰ সংযোগ। আপুনি সম্পৰ্ক আপল’ড কৰাৰ বৈশিষ্ট্যটো ব্যৱহাৰ কৰিব পাৰে আৰু প্ৰযোজ্য আইনে অনুমতি দিলে নিয়মীয়াকৈ আপোনাৰ এড্ৰেছ বুকত ফোন নম্বৰ প্ৰদান কৰিব পাৰে, য’ত আমাৰ সেৱাসমূহৰ ব্যৱহাৰকাৰী আৰু আপোনাৰ অন্য সম্পৰ্কসমূহৰ ফোন নম্বৰো অন্তৰ্ভুক্ত। যদি আপোনাৰ কোনো সম্পৰ্কই আমাৰ সেৱাসমূহ এইপৰ্যন্ত ব্যৱহাৰ কৰা নাই, তেন্তে আমি আপোনাৰ বাবে এই তথ্যখিনি এনেকুৱা এটা ধৰণে পৰিচালনা কৰিম যিয়ে আমি সেই সম্পৰ্কসমূহ চিনাক্ত কৰিব নোৱৰাটো নিশ্চিত কৰিব। আমাৰ সম্পৰ্ক আপল’ড কৰাৰ বৈশিষ্ট্যৰ বিষয়ে ইয়াত অধিক জানক। আপুনি গোট আৰু সম্প্ৰচাৰৰ সূচী সৃষ্টি কৰিব, তাত যোগদান কৰিব অথবা যোগ হ’ব পাৰে আৰু তেনে গোট আৰু সূচী আপোনাৰ একাউণ্টৰ তথ্যৰ সৈতে জড়িত হয়। আপুনি আপোনাৰ গোটসমূহক এটা নাম দিয়ে। আপুনি গোটৰ এখন প্ৰ’ফাইল চিত্ৰ অথবা বিৱৰণ দিব পাৰে।
- ষ্টেটাছৰ তথ্য। আপুনি আমাক আপোনাৰ ষ্টেটাছ প্ৰদান কৰিব পাৰে যদিহে আপুনি আপোনাৰ একাউণ্টত কোনো ষ্টেটাছ অন্তৰ্ভুক্ত কৰিবলৈ বাছনি কৰে। Android, iPhone অথবা KaiOSত কিদৰে ষ্টেটাছ ব্যৱহাৰ কৰে জানক।
- লেনদেন আৰু পৰিশোধ সম্পৰ্কীয় ডাটা। আপুনি যদি আমাৰ পৰিশোধ সেৱা ব্যৱহাৰ কৰে অথবা ক্ৰয় নাইবা অন্য বিত্তীয় লেনদেনৰ উদ্দেশ্যে থকা আমাৰ সেৱা ব্যৱহাৰ কৰে, আমি আপোনাৰ বিষয়ে অতিৰিক্ত তথ্য প্ৰক্ৰিয়াকৰণ কৰোঁ, য’ত পৰিশোধৰ একাউণ্ট আৰু লেনদেনৰ তথ্য অন্তৰ্ভুক্ত। পৰিশোধৰ একাউণ্ট আৰু লেনদেনৰ তথ্যত লেনদেন সম্পূৰ্ণ কৰিব লগা তথ্য অন্তৰ্ভুক্ত (উদাহৰণস্বৰূপে, আপোনাৰ পৰিশোধ পদ্ধতি, শ্বিপিঙৰ সবিশেষ আৰু লেনদেনৰ পৰিমাণ সম্পৰ্কীয় তথ্য)। আপুনি যদি আপোনাৰ দেশ অথবা অঞ্চলত উপলব্ধ পৰিশোধ সেৱা ব্যৱহাৰ কৰে, আমাৰ গোপনীয়তা ব্যৱস্থাসমূহ প্ৰযোজ্য পৰিশোধৰ গোপনীয়তা নীতিত বৰ্ণনা কৰা আছে।
- গ্ৰাহক সেৱা কেন্দ্ৰ আৰু অন্য যোগাযোগ। আপুনি গ্ৰাহক সেৱাৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিলে অথবা আমাৰ সৈতে কথা-বাৰ্তা পাতিলে আপুনি আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰা সম্পৰ্কীয় তথ্য আমাক প্ৰদান কৰিব পাৰে, য’ত আপোনাৰ বাৰ্তাসমূহৰ প্ৰতিলিপি, আপুনি সহায়ক বুলি বিবেচনা কৰা অন্য কোনো তথ্য আৰু আপোনাক কিদৰে যোগাযোগ কৰিব লাগে (যেনে- ইমেইল ঠিকনা) সেয়া অন্তৰ্ভুক্ত। উদাহৰণস্বৰূপে, আপুনি আমাক এপৰ পাৰদৰ্শিতা অথবা অন্য সমস্যা সম্পৰ্কীয় তথ্যৰ সৈতে ইমেইল পঠিয়াব পাৰে।
স্বয়ংক্ৰিয়ভাৱে সংগ্ৰহ কৰা তথ্য
- ব্যৱহাৰ আৰু লগৰ তথ্য। আপুনি আমাৰ সেৱাসমূহত কৰা কাৰ্যকলাপ, যেনে- সেৱা সম্পৰ্কীয়, ডায়েগন’ষ্টিক আৰু পাৰদৰ্শিতাৰ তথ্য আমি সংগ্ৰহ কৰোঁ। ইয়াত আপোনাৰ কাৰ্যকলাপ সম্পৰ্কীয় তথ্য (য’ত আমাৰ সেৱাসমূহ কিদৰে ব্যৱহাৰ কৰে, আপোনাৰ সেৱাৰ ছেটিং, আপুনি আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰি কিদৰে অন্য লোকৰ সৈতে কথা-বাৰ্তা পাতে (আপুনি ব্যৱসায়ৰ সৈতে কথা-বাৰ্তা পতাকে ধৰি) আৰু আপোনাৰ কাৰ্যকলাপ আৰু কথা-বাৰ্তাৰ সময়, সঘনতা আৰু দৈৰ্ঘ্য অন্তৰ্ভুক্ত), লগ ফাইল আৰু ডায়েগন’ষ্টিক, ক্ৰেশ্ব, ৱেবছাইট আৰু পাৰদৰ্শিতাৰ লগ আৰু ৰিপ’ৰ্ট অন্তৰ্ভুক্ত। ইয়াত লগতে আপুনি কেতিয়া আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰিবলৈ পঞ্জীয়ন কৰিছিল সেই সম্পৰ্কীয় তথ্য; আপুনি ব্যৱহাৰ কৰা বৈশিষ্ট্য, যেনে- বাৰ্তা, কল কৰা, ষ্টেটাছ, গোট (গোটৰ নাম, গোটৰ চিত্ৰ, গোটৰ বিৱৰণকে ধৰি), পৰিশোধ অথবা ব্যৱসায়ৰ বৈশিষ্ট্য; প্ৰ’ফাইল ফটো, “ইয়াৰ বিষয়ে”ৰ তথ্য; আপুনি অনলাইন হৈ আছে নেকি, আপুনি অন্তিমবাৰ কেতিয়া আমাৰ সেৱা ব্যৱহাৰ কৰিছিল (আপোনাৰ “অন্তিমবাৰ চোৱাৰ সময়”); আৰু আপুনি শেষবাৰ কেতিয়া আপোনাৰ “ইয়াৰ বিষয়ে”ৰ তথ্য আপডে’ট কৰিছিল তাৰ তথ্যও অন্তৰ্ভুক্ত।
- ডিভাইচ আৰু সংযোগ সম্পৰ্কীয় তথ্য। আপুনি আমাৰ সেৱাসমূহ ইনষ্টল, এক্সেছ অথবা ব্যৱহাৰ কৰিলে আমি ডিভাইচ আৰু সংযোগ সম্পৰ্কীয় নিৰ্দিষ্ট তথ্য সংগ্ৰহ কৰোঁ। ইয়াত হাৰ্ডৱেৰ মডেল, অ’পাৰেটিং ছিষ্টেমৰ তথ্য, বেটাৰীৰ স্তৰ, ছিগনেলৰ শক্তি, এপৰ সংস্কৰণ, ব্ৰাউজাৰৰ তথ্য, ম’বাইল নেটৱৰ্ক, সংযোগ সম্পৰ্কীয় তথ্য (ফোন নম্বৰ, ম’বাইল অ’পাৰেটৰ অথবা আইএছপি-কে ধৰি), ভাষা আৰু সময় মণ্ডল, আইপি ঠিকনা, ডিভাইচৰ কাৰ্যকলাপৰ তথ্য আৰু চিনাক্তকৰ্তাৰ (য’ত একেটা ডিভাইচ অথবা একাউণ্টৰ সৈতে জড়িত Meta কোম্পানীৰ সামগ্ৰীৰ বাবে থকা অদ্বিতীয় চিনাক্তকৰ্তা অন্তৰ্ভুক্ত) দৰে তথ্য অন্তৰ্ভুক্ত।
- অৱস্থান সম্পৰ্কীয় তথ্য। আপুনি অৱস্থান সম্পৰ্কীয় বৈশিষ্ট্য ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ল’লে, যেনে- আপুনি আপোনাৰ সম্পৰ্কসমূহৰ সৈতে আপোনাৰ অৱস্থান ভাগ-বতৰা কৰাৰ সিদ্ধান্ত ল’লে অথবা ওচৰ-পাজৰৰ অথবা আপোনাৰ সৈতে ভাগ-বতৰা কৰা অৱস্থান চালে, আমি অনুমতি থকা আপোনাৰ ডিভাইচৰ পৰা সঠিক অৱস্থানৰ তথ্য সংগ্ৰহ আৰু ব্যৱহাৰ কৰোঁ। অৱস্থান সম্পৰ্কীয় তথ্যৰ সৈতে সম্পৰ্কিত নিৰ্দিষ্ট কিছুমান ছেটিং আছে যিবোৰ আপুনি আপোনাৰ ডিভাইচৰ ছেটিঙত অথবা অৱস্থান ভাগ-বতৰা কৰাৰ দৰে এপৰ ভিতৰৰ ছেটিঙত পাব পাৰে। আপুনি আমাৰ অৱস্থান সম্পৰ্কীয় বৈশিষ্ট্যসমূহ ব্যৱহাৰ নকৰিলেও, আপোনাৰ সাধাৰণ অৱস্থানৰ (যেনে- চহৰ আৰু দেশ) অনুমান কৰিবলৈ আমি আইপি ঠিকনা আৰু ফোন নম্বৰৰ এলেকাৰ ক’ডৰ দৰে অন্য তথ্য ব্যৱহাৰ কৰোঁ। আমি ডায়েগন’ষ্টিক আৰু সমস্যা সমাধানৰ উদ্দেশ্যেও আপোনাৰ অৱস্থান সম্পৰ্কীয় তথ্য ব্যৱহাৰ কৰোঁ।
- কুকিসমূহ। আমি আমাৰ সেৱাসমূহ চলাবলৈ আৰু প্ৰদান কৰিবলৈ কুকিসমূহ ব্যৱহাৰ কৰোঁ, য’ত ৱেবৰ ওপৰত আধাৰিত আমাৰ সেৱাসমূহ প্ৰদান কৰা, আপোনাৰ অভিজ্ঞতা উন্নত কৰা, আমাৰ সেৱাসমূহ কিদৰে ব্যৱহাৰ কৰি থকা হৈছে সেয়া বুজা আৰু সেইসমূহ কাষ্টমাইজ কৰাটো অন্তৰ্ভুক্ত। উদাহৰণস্বৰূপে, ৱেব আৰু ডেস্কটপৰ বাবে আমাৰ সেৱাসমূহ প্ৰদান কৰিবলৈ আৰু অন্য ৱেব আধাৰিত সেৱাৰ বাবে আমি কুকিসমূহ ব্যৱহাৰ কৰোঁ। সহায় কেন্দ্ৰ সম্বন্ধীয় আমাৰ কোনবোৰ প্ৰবন্ধ আটাইতকৈ বেছি জনপ্ৰিয় সেয়া বুজিবলৈ আৰু আমাৰ সেৱাৰ সৈতে জড়িত প্ৰাসংগিক সমল দেখুৱাবলৈও আমি কুকিসমূহ ব্যৱহাৰ কৰিব পাৰোঁ। তদুপৰি, আপোনাৰ ভাষাৰ অগ্ৰাধিকাৰৰ দৰে আপোনাৰ পচন্দসমূহ মনত ৰাখিবলৈ, এক সুৰক্ষিত অভিজ্ঞতা প্ৰদান কৰিবলৈ অথবা আপোনাৰ বাবে আমাৰ সেৱাসমূহ কাষ্টমাইজ কৰিবলৈ আমি কুকিসমূহ ব্যৱহাৰ কৰিব পাৰোঁ। আপোনাক আমাৰ সেৱাসমূহ প্ৰদান কৰিবলৈ আমি কিদৰে কুকিসমূহ ব্যৱহাৰ কৰোঁ সেই বিষয়ে অধিক জানক।
শীৰ্ষলৈ উভতি যাওক
তৃতীয়-পক্ষৰ তথ্য
- আপোনাৰ বিষয়ে অন্য লোকে প্ৰদান কৰা তথ্য। আমি অন্য ব্যৱহাৰকাৰীৰ পৰা আপোনাৰ বিষয়ে তথ্য গ্ৰহণ কৰোঁ। উদাহৰণস্বৰূপে, আপুনি জনা অন্য কোনো ব্যৱহাৰকাৰীয়ে আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰিলে তেওঁলোকে আপোনাৰ ফোন নম্বৰ, নাম আৰু অন্য তথ্য (যেনে- তেওঁলোকৰ ম’বাইলৰ এড্ৰেছ বুকৰ তথ্য) প্ৰদান কৰিব পাৰে, ঠিক যেনেকৈ আপুনি তেওঁলোকৰ তথ্য প্ৰদান কৰে। তেওঁলোকে আপোনালৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰে, আপুনি সদস্য হৈ থকা গোটলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰে অথবা আপোনাক কল কৰিব পাৰে। আমাক যিকোনো তথ্য প্ৰদান কৰাৰ আগতে, আপোনাৰ তথ্য সংগ্ৰহ, ব্যৱহাৰ আৰু ভাগ-বতৰা কৰিবলৈ আমি এই প্ৰত্যেকগৰাকী ব্যৱহাৰকাৰীৰ আইনী অধিকাৰ থকাটো বিচাৰোঁ।
আপুনি মনত ৰখা উচিত যে সাধাৰণতে যিকোনো ব্যৱহাৰকাৰীয়ে আপোনাৰ চাট অথবা বাৰ্তাৰ স্ক্ৰীনশ্বট কেপচাৰ কৰিব পাৰে অথবা আপোনাৰ কলৰ ৰেকৰ্ডিং কৰিব পাৰে আৰু সেয়া WhatsApp-লৈ অথবা অন্য কোনো লোকলৈ পঠিয়াব পাৰে অথবা সেয়া অন্য প্লেটফৰ্মত প’ষ্ট কৰিব পাৰে।
- ব্যৱহাৰকাৰীৰ অভিযোগ। আপুনি যেনেকৈ অন্য ব্যৱহাৰকাৰীৰ অভিযোগ দিব পাৰে, অন্য ব্যৱহাৰকাৰী অথবা তৃতীয় পক্ষয়ো আপোনাৰ কথা-বাৰ্তা আৰু তেওঁলোকৰ অথবা আমাৰ সেৱাসমূহত থকা অন্য লোকৰ সৈতে হোৱা আপোনাৰ বাৰ্তাৰ অভিযোগ দিয়াৰ সিদ্ধান্ত ল’ব পাৰে; উদাহৰণস্বৰূপে, আমাৰ চৰ্তাৱলী অথবা নীতিৰ সম্ভাব্য উলংঘনৰ অভিযোগ দিবলৈ। অভিযোগ কৰা হ’লে আমি অভিযোগকাৰী ব্যৱহাৰকাৰী আৰু অভিযোগ দিয়া হোৱা ব্যৱহাৰকাৰী উভয়ৰে তথ্য সংগ্ৰহ কৰোঁ। কোনো ব্যৱহাৰকাৰীৰ অভিযোগ দিয়া হ’লে কি হয় সেয়া জানিবলৈ অনুগ্ৰহ কৰি উচ্চখাপৰ সুৰক্ষা অৰু নিৰাপত্তা সম্পৰ্কীয় বৈশিষ্ট্য চাওক।
- WhatsApp-ত ব্যৱসায়। আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰি আপুনি কথা-বাৰ্তা পতা ব্যৱসায়সমূহে আপোনাৰ সৈতে হোৱা তেওঁলোকৰ কথা-বাৰ্তাৰ তথ্য আমাক প্ৰদান কৰিব পাৰে। আমাক কোনো তথ্য প্ৰদান কৰিলে আমি এই প্ৰত্যেকটো ব্যৱসায়ে প্ৰযোজ্য আইন অনুসৰি কাৰ্য কৰাটো বিচাৰোঁ।
আপুনি WhatsApp-ত কোনো ব্যৱসায়লৈ বাৰ্তা পঠিয়ালে মনত ৰাখিব যে আপুনি ভাগ-বতৰা কৰা সমল সেই ব্যৱসায়টোত থকা ভিন্ন লোকে দেখা পাব পাৰে। তদুপৰি, কিছুমান ব্যৱসায়ে সেইসমূহৰ নিজৰ গ্ৰাহকৰ সৈতে হোৱা যোগাযোগ পৰিচালনা কৰাত সহায় হ’বলৈ তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰীৰ সৈতে কাম কৰিব পাৰে (য’ত Meta অন্তৰ্ভুক্ত হ’ব পাৰে)। উদাহৰণস্বৰূপে, কোনো ব্যৱসায়ে তেনে তৃতীয়-পক্ষৰ সেৱা প্ৰদানকাৰীক ব্যৱসায়ৰ বাবে নিজৰ যোগাযোগ প্ৰেৰণ কৰিবলৈ, সংৰক্ষণ কৰিবলৈ, পঢ়িবলৈ, পৰিচালনা কৰিবলৈ অথবা প্ৰক্ৰিয়াকৰণ কৰিবলৈ সেয়া এক্সেছ কৰিবলৈ দিব পাৰে। কোনো ব্যৱসায়ে তৃতীয় পক্ষ অথবা Meta-ৰ সৈতে আপোনাৰ তথ্য ভাগ-বতৰা কৰাৰ ধৰণকে ধৰি, কিদৰে আপোনাৰ তথ্য প্ৰক্ৰিয়াকৰণ কৰে সেয়া বুজিবলৈ আপুনি সেই ব্যৱসায়টোৰ গোপনীয়তাৰ নীতি সমীক্ষা কৰা অথবা পোনপটীয়াকৈ ব্যৱসায়টোৰ সৈতে যোগাযোগ কৰা উচিত।
- তৃতীয়-পক্ষৰ সেৱা প্ৰদানকাৰী। আমাৰ সেৱাসমূহ চলোৱা, প্ৰদান কৰা, উন্নত কৰা, বুজা, কাষ্টমাইজ কৰা, সমৰ্থন আগবঢ়োৱা আৰু বিপণন কৰাত আমাক সহায় কৰিবলৈ আমি তৃতীয়-পক্ষৰ সেৱা প্ৰদানকাৰী আৰু অন্য Meta-ৰ কোম্পানীসমূহৰ সৈতে কাম কৰোঁ। উদাহৰণস্বৰূপে, আমাৰ এপ্সমূহ বিতৰণ কৰিবলৈ আমি তেওঁলোকৰ সৈতে কাম কৰোঁ; আমাৰ প্ৰযুক্তিগত আৰু কায়িক আন্তঃগাঁথনি, ডেলিভাৰী আৰু অন্য ছিষ্টেম প্ৰদান কৰোঁ; অভিযান্ত্ৰিক সহায়, চাইবাৰ সুৰক্ষা আৰু কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত সহায় প্ৰদান কৰোঁ; অৱস্থান, মেপ আৰু ঠাইৰ তথ্য যোগান ধৰোঁ; পৰিশোধ প্ৰক্ৰিয়াকৰণ কৰোঁ; লোকসকলে আমাৰ সেৱা কিদৰে ব্যৱহাৰ কৰে আমি সেয়া বুজি পোৱাত সহায় কৰোঁ; আমাৰ সেৱাসমূহৰ বিপণন কৰোঁ; আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰি আপোনাক ব্যৱসায়ৰ সৈতে সংযুক্ত হোৱাত সহায় কৰোঁ; আমাৰ বাবে সমীক্ষা আৰু গৱেষণা চলাওঁ; সুৰক্ষা, নিৰাপত্তা আৰু অখণ্ডতা নিশ্চিত কৰোঁ; আৰু গ্ৰাহক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত নিজকে সহায় কৰোঁ। এই কোম্পানীসমূহে নিৰ্দিষ্ট কিছুমান পৰিস্থিতিত আমাক আপোনাৰ বিষয়ে তথ্য প্ৰদান কৰিব পাৰে; উদাহৰণস্বৰূপে, এপ্ ষ্ট’ৰসমূহে আমাক সেৱা সম্পৰ্কীয় সমস্যা চিনাক্ত কৰাত আৰু সেয়া সমাধান কৰাত সহায় কৰিবলৈ আমাক ৰিপ’ৰ্ট প্ৰদান কৰিব পাৰে।
তলৰ “অন্য Meta-ৰ কোম্পানীসমূহৰ সৈতে আমি কিদৰে কাম কৰোঁ” ধাৰাটোৱে WhatsApp-এ অন্য Meta-ৰ কোম্পানীসমূহৰ সৈতে কিদৰে তথ্য সংগ্ৰহ আৰু ভাগ-বতৰা কৰে সসেই বিষয়ে অধিক তথ্য প্ৰদান কৰে।
- তৃতীয়-পক্ষৰ সেৱা। তৃতীয়-পক্ষৰ সেৱা আৰু Meta কোম্পানীৰ সামগ্ৰী সন্দৰ্ভত আমি আপোনাক আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰিবলৈ দিওঁ। আপুনি যদি তেনে তৃতীয়-পক্ষৰ সেৱা অথবা Meta কোম্পানীৰ সামগ্ৰীৰ সৈতে আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰে, আমি সেইসমূহৰ পৰা আপোনাৰ তথ্য গ্ৰহণ কৰিব পাৰোঁ; উদাহৰণস্বৰূপে, আপুনি যদি WhatsApp-ৰ সম্পৰ্ক, গোট অথবা আমাৰ সেৱাত থকা সম্প্ৰচাৰৰ সূচীসমূহৰ সৈতে বাতৰিৰ কোনো প্ৰবন্ধ ভাগ-বতৰা কৰিবলৈ কোনো বাতৰিৰ সেৱাত থকা WhatsApp-ত ভাগ-বতৰা কৰক বুটামটো ব্যৱহাৰ কৰে অথবা কোনো ম’বাইলৰ বাহক অথবা ডিভাইচ প্ৰদানকাৰীয়ে কৰা আমাৰ সেৱাৰ প্ৰচাৰৰ জৰিয়তে আমাৰ সেৱাসমূহ এক্সেছ কৰাৰ সিদ্ধান্ত লয়। অনুগ্ৰহ কৰি মন কৰিব যে আপুনি তৃতীয় পক্ষৰ সেৱা অথবা Meta কোম্পানীৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰিলে সেইসমূহৰ নিজৰ চৰ্তাৱলী আৰু গোপনীয়তাৰ নীতিয়ে আপুনি কৰা সেই সেৱা আৰু সামগ্ৰীৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব।
শীৰ্ষলৈ উভতি যাওক
আমি কিদৰে তথ্য ব্যৱহাৰ কৰোঁ
আমাৰ সেৱাসমূহ চলাবলৈ, প্ৰদান কৰিবলৈ, উন্নত কৰিবলৈ, বুজিবলৈ, কাষ্টমাইজ কৰিবলৈ, সমৰ্থন কৰিবলৈ আৰু বিপণন কৰিবলৈ আমি আমাৰ লগত থকা তথ্য ব্যৱহাৰ কৰোঁ (আপুনি কৰা পচন্দ আৰু প্ৰযোজ্য আইন অনুসৰি)। সেয়া আমি এনেকৈ কৰোঁ:
- আমাৰ সেৱাসমূহ। আমাৰ সেৱাসমূহ চলাবলৈ আৰু প্ৰদান কৰিবলৈ আমি তথ্য ব্যৱহাৰ কৰোঁ, য’ত গ্ৰাহক সেৱা প্ৰদান কৰা; ক্ৰয় অথবা লেনদেন সম্পূৰ্ণ কৰা; আমাৰ সেৱাসমূহ উন্নত কৰা, তাত থকা সমস্যা সমাধান কৰা আৰু সেয়া কাষ্টমাইজ কৰা; আৰু আমাৰ সেৱাসমূহ আপুনি দেখা পাব পৰা Meta কোম্পানীৰ সামগ্ৰীৰ সৈতে সংযুক্ত কৰাটো অন্তৰ্ভুক্ত। আমি লগতে লোকসকলে আমাৰ সেৱাসমূহ কিদৰে ব্যৱহাৰ কৰে সেয়া বুজিবলৈ; আমাৰ সেৱাসমূহ মূল্যায়ন আৰু উন্নত কৰিবলৈ; নতুন সেৱা আৰু বৈশিষ্ট্যৰ গৱেষণা কৰিবলৈ, বিকাশ কৰিবলৈ আৰু পৰীক্ষা কৰিবলৈ; আৰু সমস্যা সমাধান সম্পৰ্কীয় কাৰ্যকলাপ কৰিবলৈ আমাৰ লগত থকা তথ্য ব্যৱহাৰ কৰোঁ। আমি লগতে আপুনি আমাৰ সৈতে যোগাযোগ কৰিলে আপোনাক সঁহাৰি দিবলৈও আপোনাৰ তথ্য ব্যৱহাৰ কৰোঁ।
- সুৰক্ষা, নিৰাপত্তা আৰু অখণ্ডতা। সুৰক্ষা, নিৰাপত্তা আৰু অখণ্ডতা হৈছে আমাৰ সেৱাসমূহৰ অবিচ্ছেদ্য অংশ। একাউণ্ট আৰু কাৰ্যকলাপ সত্যাপন কৰিবলৈ; ক্ষতিকাৰক আচৰণৰ সৈতে মোকাবিলা কৰিবলৈ; ব্যৱহাৰকাৰীক বেয়া অভিজ্ঞতা আৰু স্পামৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ; আৰু আমাৰ চৰ্তাৱলী আৰু নীতিৰ সন্দেহজনক কাৰ্যকলাপ অথবা উলংঘনৰ তদন্ত কৰাৰ দৰে কাৰ্যকলাপ কৰি আমাৰ সেৱাসমূহৰ ভিতৰত আৰু বাহিৰত সুৰক্ষা, নিৰাপত্তা আৰু অখণ্ডতাৰ প্ৰচাৰ কৰিবলৈ আৰু আমাৰ সেৱাসমূহ আইনগতভাৱে ব্যৱহাৰ হৈ থকাটো নিশ্চিত কৰিবলৈ আমি আমাৰ লগত থকা তথ্য ব্যৱহাৰ কৰোঁ। অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি তলৰ আইন, আমাৰ অধিকাৰ আৰু সুৰক্ষা ধাৰাটো চাওক।
- আমাৰ সেৱাসমূহৰ বিষয়ে হোৱা যোগাযোগ আৰু Meta-ৰ কোম্পানীসমূহ। আমাৰ সেৱাসমূহৰ বিষয়ে আপোনাৰ সৈতে কথা-বাৰ্তা হ’বলৈ আৰু আপোনাক আমাৰ চৰ্তাৱলী, নীতি আৰু অন্য গুৰুত্বপূৰ্ণ আপডে’টৰ বিষয়ে আপোনাক অৱগত কৰিবলৈ আমি আমাৰ লগত থকা তথ্য ব্যৱহাৰ কৰোঁ। আমি আপোনাক আমাৰ সেৱা আৰু সেই Meta-ৰ কোম্পানীসমূহৰ বাবে বিপণন প্ৰদান কৰিব পাৰোঁ।
- তৃতীয়-পক্ষৰ বেনাৰৰ কোনো বিজ্ঞাপনৰ অনুমতি নাই। আমি আমাৰ সেৱাসমূহত তথাপি তৃতীয়-পক্ষৰ বেনাৰৰ বিজ্ঞাপনৰ অনুমতি নিদিওঁ। আমি সেইসমূহৰ সৈতে পৰিচয় কৰাই দিবলৈ ইচ্ছুক নহয়, কিন্তু যদি কেতিয়াবা আমি তেনে কৰোঁ, আমি এই গোপনীয়তাৰ নীতিটো আপডে’ট কৰিম।
- ব্যৱসায়ৰ কথা-বাৰ্তা। আপুনি আপোনাক আৰু ব্যৱসায়ৰ দৰে তৃতীয় পক্ষক WhatsApp-ত ব্যৱসায়ৰ বাবে কেটলগৰ দৰে আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰি পৰস্পৰৰ মাজত কথা-বাৰ্তা হ’বলৈ দিওঁ, যাৰ জৰিয়তে আপুনি সামগ্ৰী আৰু সেৱা ব্ৰাউজ কৰিব পাৰে আৰু অৰ্ডাৰ দিব পাৰে। ব্যৱসায়সমূহে আপোনাক লেনদেন, এপইণ্টমেণ্ট আৰু শ্বিপিঙৰ জাননী; সামগ্ৰী আৰু সেৱাৰ আপডে’ট; আৰু বিপণন প্ৰদান কৰিব পাৰে। উদাহৰণস্বৰূপে, আপুনি অনাগত ভ্ৰমণৰ বাবে বিমানৰ স্থিতিৰ তথ্য লাভ কৰিব পাৰে, আপুনি ক্ৰয় কৰা কোনো বস্তুৰ ৰচিদ লাভ কৰিব পাৰে অথবা কোনো ডেলিভাৰী কৰা হ’লে জাননী লাভ কৰিব পাৰে। ব্যৱসায়ৰ পৰা আপুনি লাভ কৰা বাৰ্তাত আপোনাক আকৰ্ষিত কৰিব পৰা কোনো অফাৰ অন্তৰ্ভুক্ত হৈ থাকিব পাৰে। আমি আপোনাক স্পামে সমস্যাৰ সৃষ্টি কৰা ধৰণৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ নিবিচাৰোঁ; সেয়েহে আপুনি লাভ কৰা সকলো বাৰ্তাৰ জৰিয়তে আপুনি এই যোগাযোগ পৰিচালনা কৰিব পাৰে আৰু আমি আপুনি কৰা পচন্দসমূহক সন্মান জনাম।
শীৰ্ষলৈ উভতি যাওক
আপুনি আৰু আমি ভাগ-বতৰা কৰা তথ্য
আপুনি আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰিলে আৰু সেইসমূহৰ জৰিয়তে কথা-বাৰ্তা পাতিলে আপোনাৰ তথ্য ভাগ-বতৰা কৰে আৰু আমাৰ সেৱাসমূহ চলোৱা, প্ৰদান কৰা, উন্নত কৰা, বুজা, কাষ্টমাইজ কৰা, সমৰ্থন কৰা আৰু বিপণন কৰাত আমাৰ সহায় হ’বলৈ আমি আপোনাৰ তথ্য ভাগ-বতৰা কৰোঁ।
- আপুনি কথা-বাৰ্তা পাতিবলৈ বাছনি কৰা লোকসকললৈ আপোনাৰ তথ্য প্ৰেৰণ কৰক। আপুনি আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰিলে আৰু তাৰ জৰিয়তে কথা-বাৰ্তা পাতিলে আপোনাৰ তথ্য (বাৰ্তাকে ধৰি) ভাগ-বতৰা কৰে।
- আপোনাৰ একাউণ্টৰ সৈতে জড়িত তথ্য। আপোনাৰ ফোন নম্বৰ, প্ৰ’ফাইলৰ নাম আৰু ফটো, “ইয়াৰ বিষয়ে”ৰ তথ্য, অন্তিমবাৰ চোৱা সম্পৰ্কীয় তথ্য আৰু বাৰ্তা লাভ কৰাৰ জাননী আমাৰ সেৱা ব্যৱহাৰ কৰা সকলোৰে বাব উপলব্ধ, যদিও আপুনি অন্য ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ নিৰ্দিষ্ট কিছুমান তথ্য পৰিচালনা কৰিবলৈ আমাৰ সেৱাসমূহৰ ছেটিং কনফিগাৰ কৰিব পাৰে, য’ত আপুনি কথা-বাৰ্তা পতা ব্যৱসায়ৰ তথ্য অন্তৰ্ভুক্ত।
- আপোনাৰ সম্পৰ্ক আৰু অন্য। আপুনি কথা-বাৰ্তা পতা ব্যৱসায়কে ধৰি ব্যৱহাৰকাৰীসকলে আপোনাৰ তথ্য (আপোনাৰ ফোন নম্বৰ অথবা বাৰ্তাকে ধৰি) সংৰক্ষণ কৰিব পাৰে অথবা আমাৰ সেৱাৰ ভিতৰত আৰু বাহিৰত থকা অন্য লোকৰ সৈতে সেয়া ভাগ-বতৰা কৰিব পাৰে। আপুনি আমাৰ সেৱাসমূহত কাৰ সৈতে কথা-বাৰ্তা পাতে আৰু আপুনি ভাগ-বতৰা কৰা নিৰ্দিষ্ট কিছুমান সেৱা পৰিচালনা কৰিবলৈ আপুনি আপোনাৰ সেৱাৰ ছেটিং আৰু আমাৰ সেৱাসমূহত থকা “অৱৰোধ কৰক” বৈশিষ্ট্যটো ব্যৱহাৰ কৰিব পাৰে।
- WhatsApp-ত ব্যৱসায়। আমি ব্যৱসায়সমূহক নিৰ্দিষ্ট কিছুমান সেৱা প্ৰদান কৰোঁ, যেনে- সেইসমূহে আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰাৰ লগত জড়িত পৰিসংখ্যা প্ৰদান কৰা।
- তৃতীয়-পক্ষৰ সেৱা প্ৰদানকাৰী। আমাৰ সেৱাসমূহ চলোৱা, প্ৰদান কৰা, উন্নত কৰা, বুজা, কাষ্টমাইজ কৰা, সমৰ্থন আগবঢ়োৱা আৰু বিপণন কৰাত আমাক সহায় কৰিবলৈ আমি তৃতীয়-পক্ষৰ সেৱা প্ৰদানকাৰী আৰু অন্য Meta-ৰ কোম্পানীসমূহৰ সৈতে কাম কৰোঁ। আমাৰ সেৱাসমূহ সমৰ্থন কৰিবলৈ আমি এই কোম্পানীসমূহৰ সৈতে কাম কৰোঁ, যেনে- কাৰিকৰী আন্তঃগাঁথনি, ডেলিভেৰী আৰু অন্য ছিষ্টেম প্ৰদান কৰিবলৈ; আমাৰ সেৱাসমূহ বিপণন কৰিবলৈ; আমাৰ বাবে সমীক্ষা আৰু গৱেষণা কৰিবলৈ; ব্যৱহাৰকাৰী আৰু অন্য লোকৰ সুৰক্ষা, নিৰাপত্তা আৰু অখণ্ডতা সুৰক্ষিত কৰিবলৈ; আৰু গ্ৰাহক সেৱাৰ ক্ষেত্ৰত সহায় কৰিবলৈ। আমি তৃতীয়-পক্ষৰ সেৱা প্ৰদানকাৰী আৰু এই ভূমিকা অথবা অৱস্থাত থকা অন্য Meta-ৰ কোম্পানীসমূহৰ সৈতে তথ্য ভাগ-বতৰা কৰিলে, আমাৰ নিৰ্দেশনা আৰু চৰ্তাৱলী অনুসৰি আমাৰ হৈ সেইসমূহে তথ্য ব্যৱহাৰ কৰাটো বিচাৰোঁ।
- তৃতীয়-পক্ষৰ সেৱা। আপুনি অথবা অন্য লোকে আমাৰ সেৱাৰ সৈতে একত্ৰিত হৈ থকা তৃতীয় পক্ষৰ সেৱা অথবা অন্য Meta কোম্পানীৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰিলে সেই তৃতীয় পক্ষৰ সেৱাসমূহে আপুনি অথবা অন্য লোকে সেইসমূহৰ সৈতে কি ভাগ-বতৰা কৰে তাৰ তথ্য লাভ কৰে। উদাহৰণস্বৰূপে, আপুনি যদি আমাৰ সেৱাসমূহৰ সৈতে একত্ৰিত হৈ থকা ডাটা বেকআপ সেৱা (যেনে- iCloud অথবা Google একাউণ্ট) ব্যৱহাৰ কৰে, সেইসমূহে আপোনাৰ WhatsApp বাৰ্তাৰ দৰে আপুনি সেইসমূহৰ সৈতে ভাগ-বতৰা কৰা তথ্য লাভ কৰিব। আপুনি যদি কোনো তৃতীয় পক্ষৰ সেৱা অথবা আমাৰ সেৱাসমূহৰ জৰিয়তে লিংক হৈ থকা অন্য Meta কোম্পানীৰ সামগ্ৰীসমূহৰ সৈতে কথা-বাৰ্তা পাতে, যেনে- আপুনি কোনো তৃতীয় পক্ষৰ প্লেটফৰ্মৰ পৰা সমল প্লে’ কৰিবলৈ এপৰ ভিতৰত থকা প্লে’য়াৰ ব্যৱহাৰ কৰে, আপোনাৰ বিষয়ে তথ্য, যেনে- আপোনাৰ আইপি ঠিকনা আৰু আপুনি এগৰাকী WhatsApp ব্যৱহাৰকাৰী বুলি জানিবলৈ দিয়া তথ্য তেনে তৃতীয় পক্ষ অথবা Meta কোম্পানীৰ সামগ্ৰীক প্ৰদান কৰা হ’ব পাৰে। অনুগ্ৰহ কৰি মন কৰিব যে আপুনি তৃতীয়-পক্ষৰ সেৱা অথবা অন্য Meta কোম্পানীৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰিলে সেইসমূহৰ নিজা চৰ্তাৱলী আৰু গোপনীয়তাৰ নীতিয়ে আপুনি কৰা সেই সেৱা আৰু সামগ্ৰীৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব।
শীৰ্ষলৈ উভতি যাওক
আমি অন্য Meta-ৰ কোম্পানীসমূহৰ সৈতে কিদৰে কাম কৰোঁ
Meta-ৰ কোম্পানীসমূহৰ অংশ হিচাপে, WhatsApp-এ অন্য Meta-ৰ কোম্পানীসমূহৰ পৰা তথ্য লাভ কৰে আৰু সেইসমূহৰ সৈতে তথ্য ভাগ-বতৰা কৰে (ইয়াত চাওক)। আমাৰ সেৱাসমূহ আৰু Meta কোম্পানীৰ সামগ্ৰীকে ধৰি সেইসমূহে প্ৰদান কৰা অন্য সমল চলোৱা, প্ৰদান কৰা, উন্নত কৰা, বুজা, কাষ্টমাইজ কৰা, সমৰ্থন আগবঢ়োৱা আৰু বিপণন কৰাত সহায় কৰিবলৈ আমি সেইসমূহৰ পৰা লাভ কৰা তথ্য ব্যৱহাৰ কৰিব পাৰোঁ আৰু আমি সেইসমূহৰ সৈতে ভাগ-বতৰা কৰা তথ্য সেইসমূহে ব্যৱহাৰ কৰিব পাৰে। ইয়াত এয়া অন্তৰ্ভুক্ত:
- সহায় কৰাটোৱে আন্তঃগাঁথনি আৰু ডেলিভাৰী ব্যৱস্থা উন্নত কৰে;
- আমাৰ অথবা সেইসমূহৰ সেৱাবোৰ কিদৰে ব্যৱহাৰ কৰা হয় সেয়া বুজি পোৱা;
- সমগ্ৰ Meta কোম্পানীৰ সামগ্ৰীত সুৰক্ষা, নিৰাপত্তা আৰু অখণ্ডতাৰ প্ৰসাৰ ঘটোৱা, যেনে- ছিষ্টেম সুৰক্ষিত কৰা আৰু স্পাম, ভাবুকি, অপব্যৱহাৰ অথবা উলংঘনমূলক কাৰ্যকলাপৰ বিৰুদ্ধে যুঁজ দিয়া;
- সেইসমূহৰ সেৱা আৰু আপুনি সেইসমূহ ব্যৱহাৰ কৰোঁতে হোৱা আপোনাৰ অভিজ্ঞতা উন্নত কৰা, যেনে- আপোনাৰ বাবে পৰামৰ্শ আগবঢ়োৱা (উদাহৰণস্বৰূপে, বন্ধু অথবা গোটৰ সম্পৰ্কৰ অথবা আকৰ্ষণীয় সমলৰ), বৈশিষ্ট্য আৰু সমল ব্যক্তিগতকৰণ কৰা, ক্ৰয় আৰু লেনদেন সম্পূৰ্ণ কৰোঁতে আপোনাক সহায় কৰা আৰু সমগ্ৰ Meta কোম্পানীৰ সামগ্ৰীসমূহত প্ৰাসংগিক অফাৰ আৰু বিজ্ঞাপন দেখুওৱা; আৰু
- একত্ৰীকৰণৰ সুবিধা প্ৰদান কৰা যিয়ে আপোনাক আপোনাৰ WhatsApp-ৰ অভিজ্ঞতা অন্য Meta কোম্পানীৰ সামগ্ৰীসমূহৰ সৈতে সংযুক্ত কৰিবলৈ দিয়ে। উদাহৰণস্বৰূপে, আপোনাৰ Facebook Pay-ৰ একাউণ্টটো WhatsApp-ৰ কোনো বস্তুৰ বাবে পৰিশোধ কৰিবলৈ সংযোগ কৰিবলৈ দিয়া অথবা আপোনাৰ WhatsApp একাউণ্টটো সংযোগ কৰি আপোনাক অন্য Meta কোম্পানীৰ সামগ্ৰীসমূহত, যেনে- Portal-ত থকা আপোনাৰ বন্ধুৰ সৈতে চাট কৰিবলৈ দিয়া।
অন্য Meta-ৰ কোম্পানীসমূহৰ গোপনীয়তাৰ নীতিসমূহ পৰ্যালোচনা কৰি সেইসমূহৰ বিষয়ে আৰু সেইসমূহৰ গোপনীয়তা ব্যৱস্থাৰ বিষয়ে অধিক জানক।
শীৰ্ষলৈ উভতি যাওক
এছাইনমেণ্ট, নিয়ন্ত্ৰণত কৰা সালসলনি আৰু স্থানান্তৰ
আমি যদি কোনো একত্ৰীকৰণ, অধিগ্ৰহণ, পুনৰ্গঠন, দেউলীয়া অৱস্থা অথবা আমাৰ কিছুমান বা সকলো সম্পত্তি বিক্ৰী কৰিবলগীয়া হয়, তেন্তে আমি লেনদেন সন্দৰ্ভত প্ৰযোজ্য ডাটা সুৰক্ষা আইন অনুসৰি আপোনাৰ তথ্য উত্তৰাধিকাৰী সংস্থা অথবা নতুন গৰাকীৰ সৈতে ভাগ-বতৰা কৰিম।
শীৰ্ষলৈ উভতি যাওক
আপোনাৰ তথ্য পৰিচালনা কৰা আৰু ধৰি ৰখা
আপুনি আমাৰ এপৰ ভিতৰত থকা একাউণ্টৰ তথ্য অনুৰোধ কৰাৰ বৈশিষ্ট্য ব্যৱহাৰ কৰি আপোনাৰ তথ্য এক্সেছ অথবা প’ৰ্ট কৰিব পাৰে (ছেটিং > একাউণ্টৰ অধীনত উপলব্ধ)। iPhone ব্যৱহাৰকাৰীৰ বাবে, আপুনি আমাৰ iPhone-ৰ সহায় কেন্দ্ৰৰ প্ৰবন্ধৰ জৰিয়তে আপোনাৰ তথ্য কিদৰে এক্সেছ, পৰিচালনা আৰু মচিব পাৰে সেয়া জানিব পাৰে। Android ব্যৱহাৰকাৰীৰ বাবে, আপুনি আমাৰ Android -ৰ সহায় কেন্দ্ৰৰ প্ৰবন্ধৰ জৰিয়তে আপোনাৰ তথ্য কিদৰে এক্সেছ, পৰিচালনা আৰু মচিব পাৰে সেয়া জানিব পাৰে।
আমি এই গোপনীয়তাৰ নীতিত চিনাক্ত কৰা উদ্দেশ্যসমূহৰ বাবে যিমান দিনৰ বাবে প্ৰয়োজন হয় সিমান দিনলৈ তথ্য সংৰক্ষণ কৰি ৰাখোঁ, য’ত আমাৰ সেৱাসমূহ প্ৰদান কৰিবলৈ অথবা অন্য বৈধ্য উদ্দেশ্য যেনে- আইনী বাধ্যবাধকতা মানি চলা, আমাৰ চৰ্তাৱলী বলৱৎ আৰু তাৰ উলংঘন ৰোধ কৰা অথবা আমাৰ অধিকাৰ, সম্পত্তি আৰু ব্যৱহাৰকাৰীক সুৰক্ষা দিয়া অথবা ৰক্ষা কৰাৰ উদ্দেশ্যে কৰা সংৰক্ষণ অন্তৰ্ভুক্ত। সংৰক্ষণৰ সময়সীমা ঘটনা অনুযায়ী নিৰ্ধাৰণ কৰা হয়, যিটো তথ্যৰ ধৰণ, সেয়া কিয় সংগ্ৰহ আৰু প্ৰক্ৰিয়াকৰণ কৰা হৈছে, প্ৰসংগিক আইনী অথবা কাৰ্যকৰী কৰি ৰখাৰ আৱশ্যকতা আৰু আইনী বাধ্যবাধকতা আদিৰ দৰে কাৰকৰ ওপৰত নিৰ্ভৰশীল।
আপুনি যদি আগলৈ আপোনাৰ তথ্য পৰিচালনা কৰিব, সলনি কৰিব, সীমিত কৰিব অথবা মচিব বিচাৰে, আপুনি এই সঁজুলিসমূহৰ জৰিয়তে এয়া কৰিব পাৰে:
- সেৱাৰ ছেটিংছ। অন্য ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ নিৰ্দিষ্ট কিছুমান পৰিচালনা কৰিবলৈ আপুনি আপোনাৰ সেৱাসমূহৰ ছেটিংছ সলনি কৰিব পাৰে। আপুনি আমাৰ সম্পৰ্ক,গোট আৰু সম্প্ৰচাৰৰ সূচী পৰিচালনা কৰিব পাৰে অথবা আপুনি যোগাযোগ কৰিবলৈ বিচৰা ব্যৱহাৰকাৰীক পৰিচালনা কৰিবলৈ আমাৰ “অৱৰোধ কৰক” বৈশিষ্ট্যটো ব্যৱহাৰ কৰিব পাৰে।
- আপোনাৰ ম’বাইল ফোন নম্বৰ, প্ৰ’ফাইলৰ নাম আৰু চিত্ৰ আৰু “ইয়াৰ বিষয়ে”ৰ তথ্য সলনি কৰা। আপুনি যদি আপোনাৰ ম’বাইল ফোন নম্বৰ সলনি কৰে, সেইটো আপুনি আমাৰ এপৰ ভিতৰত থকা নম্বৰ সলনি কৰাৰ বৈশিষ্ট্যটো ব্যৱহাৰ কৰি আৰু আপোনাৰ একাউণ্টটো আপোনাৰ নতুন ম’বাইল ফোন নম্বৰটোলৈ স্থানান্তৰ কৰিহে আপডে’ট কৰিব লাগিব। আপুনি লগতে যিকোনো সময়তে আপোনাৰ প্ৰ’ফাইলৰ নাম, প্ৰ’ফাইলৰ চিত্ৰ আৰু “ইয়াৰ বিষয়ে”ৰ তথ্য সলনি কৰিব পাৰে।
- আপোনাৰ WhatsApp একাউণ্ট মচা। আপুনি আমাৰ এপৰ ভিতৰত থকা মোৰ একাউণ্ট মচক বৈশিষ্ট্যটো ব্যৱহাৰ কৰি যিকোনো সময়তে আপোনাৰ WhatsApp একাউণ্টটো মচিব পাৰে (য’ত প্ৰযোজ্য আইন অনুসৰি আমি আপোনাৰ তথ্য ব্যৱহাৰ কৰিবলৈ আপুনি দিয়া সন্মতি প্ৰত্যাহাৰ কৰিবলৈ বিচৰা বিষয়টোও অন্তৰ্ভুক্ত)। আপুনি আপোনাৰ WhatsApp একাউণ্টটো মচিলে আপোনাৰ ডেলিভাৰ নোহোৱা বাৰ্তাসমূহ আৰু লগতে আমি আমাৰ সেৱাসমূহ চলাবলৈ আৰু প্ৰদান কৰিবলৈ আমাক আৰু আৱশ্যক নোহোৱা অন্য সকলো তথ্য আমাৰ ছাৰ্ভাৰৰ পৰা মচা যায়। আপোনাৰ একাউণ্টটো মচিলে, আপোনাৰ একাউণ্টৰ তথ্য আৰু প্ৰ’ফাইল ফটো মচা যাব পাৰে, আপোনাক WhatsApp-ৰ সকলো গোটৰ পৰা মচা হ’ব পাৰে আৰু আপোনাৰ WhatsApp-ৰ বাৰ্তাৰ ইতিহাস মচা যাব পাৰে। মনত ৰাখিব যে আপুনি যদি আমাৰ এপৰ ভিতৰত থকা মোৰ একাউণ্ট মচক বৈশিষ্ট্যটো ব্যৱহাৰ নকৰাকৈ কেৱল আপোনাৰ ডিভাইচৰ পৰা WhatsApp মচে, আপোনাৰ তথ্য এক দীঘলীয়া সময়ৰ বাবে আমাৰ সৈতে সংৰক্ষিত হৈ থাকিব পাৰে। অনুগ্ৰহ কৰি মনত ৰাখিব যে আপুনি আপোনাৰ একাউণ্টটো মচিলে ই আপুনি সৃষ্টি কৰা গোটৰ সৈতে সম্পৰ্কিত তথ্য অথবা অন্য ব্যৱহাৰকাৰীৰ সৈতে থকা আপোনাৰ সৈতে জড়িত তথ্য, যেনে- আপুনি তেওঁলৈ প্ৰেৰণ কৰা বাৰ্তাৰ তেওঁৰ ওচৰত থকা প্ৰতিলিপিত প্ৰভাৱ নেপেলায় ।
আপুনি আমাৰ ডাটা মচা আৰু ৰাখি থোৱাৰ ব্যৱস্থাৰ বিষয়ে আৰু আপোনাৰ একাউণ্ট কিদৰে মচিব লাগে সেই বিষয়ে ইয়াত অধিক জানিব পাৰে।
শীৰ্ষলৈ উভতি যাওক
আইন, আমাৰ অধিকাৰ আৰু সুৰক্ষা
আমি ওপৰত উল্লেখ কৰা এই গোপনীয়তাৰ নীতিৰ "আমি সংগ্ৰহ কৰা তথ্য" ধাৰাটোত বৰ্ণনা কৰা আপোনাৰ তথ্য এক্সেছ, সংৰক্ষণ আৰু ভাগ-বতৰা কৰোঁ, যদিহে আমি সদিচ্ছাৰে সৈতে বিশ্বাস কৰোঁ যে এইসমূহৰ ক্ষেত্ৰত এয়া আৱশ্যকীয়: (a) প্রযোজ্য আইন অথবা নিয়ম, আইনী প্ৰক্ৰিয়া অথবা চৰকাৰী অনুৰোধ অনুসৰি সঁহাৰি দিবলৈ; (b) সম্ভাব্য উলংঘনৰ তদন্তকে ধৰি আমাৰ চৰ্তাৱলী আৰু অন্য সকলো প্ৰযোজ্য চৰ্তাৱলী আৰু নীতি বলৱৎ কৰিবলৈ; (c) জালিয়াতি আৰু অন্য বেআইনী কাৰ্যকলাপ অথবা সুৰক্ষা আৰু কাৰিকৰী সমস্যা চিনাক্ত, অনুসন্ধান, প্ৰতিহত অথবা সমাধান কৰিবলৈ; অথবা (d) আমাৰ ব্যৱহাৰকাৰী, WhatsApp, অন্য Meta-ৰ কোম্পানীসমূহ অথবা অন্য লোকৰ অধিকাৰ, সম্পত্তি আৰু সুৰক্ষাক নিৰাপত্তা প্ৰদান কৰিবলৈ, য’ত মৃত্যু অথবা আসন্ন শাৰীৰিক ক্ষতিও অন্তৰ্ভুক্ত।
শীৰ্ষলৈ উভতি যাওক
আমাৰ সাৰ্বজনীন কাৰ্যকলাপ
WhatsApp-এ এই গোপনীয়তাৰ নীতি অনুসৰি Meta-ৰ কোম্পানীসমূহৰ ভিতৰত অভ্যন্তৰীণভাৱে আৰু আমাৰ অংশীদাৰ আৰু সেৱা প্ৰদানকাৰী আৰু আপুনি সমগ্ৰ বিশ্বৰ যিসকল লোকৰ সৈতে কথা-বতৰা পাতে তেওঁলোকৰ সৈতে বাহ্যিকভাৱে সমগ্ৰ বিশ্বত তথ্য ভাগ-বতৰা কৰে। আপোনাৰ তথ্য মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ; Meta-ৰ কোম্পানীসমূহৰ সহযোগী আৰু অংশীদাৰ অথবা আমাৰ সেৱা প্ৰদানকাৰী থকা ঠাইলৈ; অথবা আমাৰ গোপনীয়তাৰ নীতিত বৰ্ণনা কৰা অনুসৰি থকা উদ্দেশ্যৰ বাবে আপুনি থকা ঠাইৰ বাহিৰত সেৱা প্ৰদান কৰা অন্য দেশ অথবা অঞ্চললৈ স্থানান্তৰ অথবা প্ৰেৰণ কৰা হ’ব পাৰে অথবা তাত সংৰক্ষণ আৰু প্ৰক্ৰিয়াকৰণ কৰা হ’ব পাৰে। WhatsApp-এ মাৰ্কিন যুক্তৰাষ্ট্ৰকে ধৰি অন্য ঠাইত থকা Meta-ৰ সাৰ্বজনীন আন্তঃগাঁথনি আৰু ডাটা কেন্দ্ৰ ব্যৱহাৰ কৰে। এই স্থানান্তৰণসমূহ আমাৰ চৰ্তাৱলীত উল্লেখ থকা সাৰ্বজনীন সেৱাসমূহ প্ৰদান কৰিবলৈ আৱশ্যকীয়। অনুগ্ৰহ কৰি মন কৰিব যে আপোনাৰ তথ্য স্থানান্তৰ কৰা হোৱা দেশ অথবা অঞ্চলসমূহৰ আপোনাৰ গৃহ দেশ অথবা অঞ্চলত থকাসমূহতকৈ ভিন্ন গোপনীয়তাৰ আইন আৰু সুৰক্ষা থাকিব পাৰে।
শীৰ্ষলৈ উভতি যাওক
আমাৰ নীতিত কৰা আপডে’ট
আমি আমাৰ গোপনীয়তাৰ নীতি সংশোধন অথবা আপডে’ট কৰিব পাৰোঁ। প্ৰযোজ্য হোৱা অনুসৰি আমি আপোনালৈ এই গোপনীয়তাৰ নীতিত কৰা সংশোধনৰ জাননী প্ৰদান কৰিম আৰু এই গোপনীয়তাৰ নীতিৰ একেবাৰে ওপৰত “কাৰ্যকৰী হোৱাৰ তাৰিখ” আপডে’ট কৰিম। অনুগ্ৰহ কৰি সময়ে সময়ে আমাৰ গোপনীয়তাৰ নীতিসমূহ পৰ্যালোচনা কৰক।
শীৰ্ষলৈ উভতি যাওক
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বাসিন্দাসকলৰ বাবে গোপনীয়তাৰ অধিকাৰ
আপুনি ইয়াত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আঞ্চলিক গোপনীয়তাৰ জাননী পৰ্যালোচনা কৰি আপোনাৰ বাবে উপলব্ধ হ’ব পৰা উপভোক্তাৰ গোপনীয়তাৰ অধিকাৰৰ বিষয়ে অধিক জানিব পাৰে।
শীৰ্ষলৈ উভতি যাওক
আমাৰ সৈতে যোগাযোগ কৰক
আপোনাৰ যদি আমাৰ গোপনীয়তাৰ নীতিৰ বিষয়ে কিবা প্ৰশ্ন অথবা সমস্যা আছে, অনুগ্ৰহ কৰি আমাৰ সৈতে যোগাযোগ কৰক।
WhatsApp LLC
Privacy Policy
1601 Willow Road
Menlo Park, California 94025
United States of America
শীৰ্ষলৈ উভতি যাওক